আদৰণি


'আন্তৰিক সংযোগ'ৰ সেৱা ল'বলৈ আগবাঢ়ি অহাৰ বাবে প্ৰথমেই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।আমাৰ সেৱাৰ দ্বাৰা আপোনাক তথা আপোনাৰ পৰিয়ালৰ সদস্যক সন্তূষ্টি প্ৰদান কৰিবলৈ আমাৰ প্ৰচেষ্টা নিৰন্তৰে অব্যাহত থাকিব।''মানুহ মানুহৰ বাবে''-এই ধাৰণাত বিশ্বাস ৰাখি আগবাঢ়িব খোজা আমাৰ এই বিনম্ৰ প্ৰয়াসত আপোনাসৱৰ আন্তৰিক সহায়-সহযোগিতা সদায়েই কাম্য।

Know More

প্ৰতিষ্ঠাপকৰ মনৰ কথা


শিৱসাগৰ জিলাৰ নামতিৰ এখন ভিতৰুৱা গাৱঁত মোৰ জন্ম। মা-দেউতা,খুড়া-খুড়ী আৰু পাচঁজনীকৈ পেহীৰে ভৰি থকা ঘৰখনৰ আটাইতকৈ বেছি মৰম-আদৰ যেন ককা-আইতাৰ পৰাহে পাইছিলো। মোৰ দৰে প্ৰতিজন ব্যক্তিৰে হয়তু এই একেই অনুভৱ হয় যাৰ শৈশৱ ককাক-আইতাকৰ উমাল সান্নিধ্যৰে সমৃদ্ধ।। মেট্ৰিক পাছ কৰি হোষ্টেলত থাকি পঢ়িবলৈ লোৱাৰে পৰা ককা-আইতাৰ সেই সঘন স্নেহময় সাহচয্যৰ পৰা বঞ্চিত হৈছিলো যদিও তেওঁলোকক যেন প্ৰতিমূহুৰ্ততে মনত কঢ়িয়াই লৈ ফুৰিছিলো। পঢ়া সামৰি ঘৰমূৱা হোৱাৰ আগতেই ককা-আইতাই এই পৃথিৱীৰ পৰা মেলানি মাগিছিল। তেওঁলোকৰ অনুপস্হিতি মানি লোৱাটো বৰ কষ্টকৰ আছিল। প্ৰতিক্ষণতে মনলৈ আহিছিল তেওঁলোকে শুনোৱা সাধুবোৰ, শিকোৱা কথাবোৰ আৰু ধেমালীৰ চলেৰে দি যোৱা নীতিশিক্ষাৰ জ্ঞানবোৰ। পাছৰ জীৱনত এইবোৰে ভাৱিব নোৱাৰাকৈ আমাক সহায় কৰিছিল, জীৱনৰ জটিল সময়বোৰত উজুতি নোখোৱাকৈ ধৰি ৰাখিছিল। এটা সময়ত যেতিয়া কৰ্মজীৱনৰ খাতিৰত আহি গুৱাহাটীত থাকিবলৈ লৈছিলোহি তেতিয়ালৈ চৌপাশৰ বহুবোৰ কথাই সলনি হৈ পৰিছিল। শৈশৱতে গাৱঁত দেখি অহা ককা-আইতাসকলৰ ব্যস্ততাপূৰ্ণ এই ছবিখন চহৰত যেন সম্পূৰ্ণৰুপে সলনি হৈ পৰিছিল। সেইবোৰ দিনত ককা-আইতাসকল... Read More

বুঢ়া বুঢ়া গোন্ধ

পাৰ্থসাৰথি মহন্ত

'আন্তৰিক সংযোগ'ৰ উদ্দেশ্যৰ বিষয়ে জানিব পাৰি বিশিষ্ট কবি তথা অসম আৰক্ষীৰ যুটিয়া আয়ুক্ত পাৰ্থসাৰথি মহন্তই এই কবিতাটো লিখি উপহাৰ হিচাপে প্ৰদান কৰিছে।

Testimonials


পাপৰি সৌকাধৰা বৰঠাকুৰৰ 'আন্তৰিক সংযোগ' নামৰ এই প্ৰতিস্হানটিয়ে আগবঢ়োৱা সেৱাই বহুতকে উপকৃত কৰিবলৈ সক্ষম হৈছে। মোৰ মাতৃ শ্ৰীযুতা লীলা শৰ্মাৰ বাবে দিয়া মাৰ প্ৰায় সমবয়সীয়া 'বেলা মন্দল' নামৰ এই মানুহগৰাকীয়ে মাক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়াকৈ অতি সুন্দৰ ভাৱে আৱৰি আছে।অকলশৰীয়া বয়সস্হলোকক সংগ দিয়াৰ উদ্দেশ্যে আৰম্ভ কৰা আন্তৰিক সংযোগৰ এই প্ৰচেষ্টাৰ আন্তৰিক শলাগ লোৱাৰ লগতে প্ৰতিস্হানটিৰ উত্তৰোত্তৰ কামনা কৰিলো।

দেৱাশীষ শৰ্মা

আয়ুক্ত,গুৱাহাটী পৌৰ নিগম


মোৰ দৰে অকলে থকা মানুহৰ বাবে 'আন্তৰিক সংযোগ' নামৰ এই স্বেচ্চাসেৱী অনুষ্ঠানটোৱে লোৱা প্ৰচেষ্টা অতিকৈ শলাগিবলগীয়া।মোৰ দৈন্যন্দিন জীৱনৰ প্ৰতিটো মূহুৰ্ত এতিয়া ভাগ হয় তেওঁলোকে দিয়া মানুহগৰাকী  লগত।নিসংগতা ভাৱটো মোৰ মনৰ পৰা প্ৰায় নোহোৱা হৈ যোৱাৰ দৰেই।তেওঁলোকৰ এই প্ৰচেষ্টা সুদুৰপ্ৰসাৰী হওক-সেইটোৱেই কামনা কৰোঁ ।

দিপালী বৰবৰা

অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ
গুৱাহাটী


When I heard about ANTORIK SONJOG I wasn't at all interested. But when I was introduced with Mrs Papori Borthakur I was astonished. Really she is a beautiful lady, deals with people very sympathetically. She felt my difficulties with utmost care and priorities and solved .This is amazing. I want every success of the organisation.

Sunanda  Chaudhuri

 Rtd. Asst Register  Of Co-op societies



গুণগত মানৰ
নিশ্চিতি

বয়সস্থ লোকসকলক উৎকৃষ্টমানৰ সেৱা আগবঢ়াই সহায় কৰাৰ লক্ষ্যৰে এই
এনজিঅ' টো প্ৰতিষ্ঠা কৰা হৈছে

প্ৰকৃত
সেৱা

আমাৰ লক্ষ্য নিষ্ঠাবান
বন্ধুত্ব,যত্ন,প্ৰেম আৰু হাহি
প্ৰদান কৰা

সুখী
ক্লায়েন্ট

আমাৰ ক্লায়েণ্টসকল আমাৰ গুণগত
সেৱা, মান আৰু মূল্যত
সুখী


আমাৰ অভিযান


আমাৰ মূল লক্ষ্য হৈছে সমৃদ্ধ অকলশৰীয়া জ্যেষ্ঠ নাগৰিক আৰু সমাজৰ দুখীয়া বৃদ্ধ শ্ৰেণীৰ লোকসকলৰ মাজত এখন সংযোগী দলং স্হাপন কৰা যাতে দুয়োটা পক্ষই এক সুখী আৰু স্বাস্থ্যৱান জীৱন যাপন কৰিব পৰাৰ সুবিধা লাভ কৰে।আমি চেষ্টা কৰিছোঁ বৃদ্ধলোকসকলক এক স্বাস্হ্যৱান,সুখী আৰু এক ভাল মানদণ্ডৰ জীৱন যাপন কৰিবলৈ সুবিধা প্ৰদান কৰাত।আমাৰ প্ৰচেষ্টা যাতে তেওঁলোকে এক বিশ্বাসী আৰু নিৰ্ভৰযোগ্য পূৰ্ণসময়ৰ বন্ধুত্বপূৰ্ণ সেৱা লাভ কৰিবলৈ সক্ষম হয়।আৰু এইদৰেই আমি দুই পক্ষৰে একাকিত্ব নিৰ্মূল কৰাৰ লক্ষ্য ৰাখিছোঁ যিটো বৃদ্ধাৱস্হাৰ আটাইতকৈ দৰকাৰী কথা বুলি উপলব্ধি কৰোঁ ।

আমাৰ দৃষ্টি


গুৱাহাটীৰ এক বেচৰকাৰী সংগঠন হিচাপে আমি উচ্চ মানদণ্ডৰ সেৱাৰ জৰিয়তে উৎকৃষ্টতাৰ অন্বেষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। আন্তৰিক সংযোগে ইয়াৰ কৰ্মচাৰীসকলক আৰু লগতে ইয়াৰ গ্ৰাহকসকলক সৰ্বোচ্চ স্তৰৰ সন্তুষ্টি প্ৰদানকৰাৰবাবেআহোপুৰুষাৰ্থ চেষ্টা চলোৱাৰ উপৰিও যৎপৰোনাষ্টি চেষ্টাও কৰে। আমাৰ দৃষ্টিভংগী হৈছে জ্যেষ্ঠ নাগৰিকসকলক উচ্চ মানদণ্ডৰ, সুলভ আৰু নিষ্ঠাৱান সেৱা প্ৰদান কৰি অসমৰ এক আগশাৰীৰ বেচৰকাৰী সংগঠন হোৱা।

Papercuts


alt text here
'গণ অধিকাৰ কাকত'ত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
'দৈনিক অসম' কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
'দৈনন্দিন বাৰ্তা'কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
'আমাৰ অসম' কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
বিশিষ্ট কবি তথা অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই 'আন্তৰিক সংযোগ'ৰ নামত উৎসৰ্গা কৰা কবিতাটো যিটো পৰৱৰ্ত্তী পয্যায়ত প্ৰৱীণ শিল্পী কুলদা কুমাৰ ভট্ৰাচাৰ্য্যই আবৃত্তি কৰি অন্য এক মাত্ৰা প্ৰদান কৰিছিল।
alt text here
News published in Assam Tribune paper about our website inauguration programme
alt text here
'অসমীয়া প্ৰতিদিন' কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
'দৈনিক বাতৰি' কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
'অসমীয়া খবৰ' কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি
alt text here
'দৈনিক অগ্ৰদূত' কাকতত আমাৰ ৱেবচাইট উন্মোচনীৰ বাতৰি

আমাৰ ঠিকণা:-


আন্তৰিক সংযোগ
পৰাগ দাস পথ, ঘৰ নং-৮
বামুণীমৈদাম, নিউ গুৱাহাটী - ৭৮১০২১, অসম


+91-9435704895