প্ৰতিষ্ঠাপকৰ মনৰ কথা


শিৱসাগৰ জিলাৰ নামতিৰ এখন ভিতৰুৱা গাৱঁত মোৰ জন্ম। মা-দেউতা,খুড়া-খুড়ী আৰু পাচঁজনীকৈ পেহীৰে ভৰি থকা ঘৰখনৰ আটাইতকৈ বেছি মৰম-আদৰ যেন ককা-আইতাৰ পৰাহে পাইছিলো। মোৰ দৰে প্ৰতিজন ব্যক্তিৰে হয়তু এই একেই অনুভৱ হয় যাৰ শৈশৱ ককাক-আইতাকৰ উমাল সান্নিধ্যৰে সমৃদ্ধ।। মেট্ৰিক পাছ কৰি হোষ্টেলত থাকি পঢ়িবলৈ লোৱাৰে পৰা ককা-আইতাৰ সেই সঘন স্নেহময় সাহচয্যৰ পৰা বঞ্চিত হৈছিলো যদিও তেওঁলোকক যেন প্ৰতিমূহুৰ্ততে মনত কঢ়িয়াই লৈ ফুৰিছিলো। পঢ়া সামৰি ঘৰমূৱা হোৱাৰ আগতেই ককা-আইতাই এই পৃথিৱীৰ পৰা মেলানি মাগিছিল। তেওঁলোকৰ অনুপস্হিতি মানি লোৱাটো বৰ কষ্টকৰ আছিল। প্ৰতিক্ষণতে মনলৈ আহিছিল তেওঁলোকে শুনোৱা সাধুবোৰ, শিকোৱা কথাবোৰ আৰু ধেমালীৰ চলেৰে দি যোৱা নীতিশিক্ষাৰ জ্ঞানবোৰ। পাছৰ জীৱনত এইবোৰে ভাৱিব নোৱাৰাকৈ আমাক সহায় কৰিছিল, জীৱনৰ জটিল সময়বোৰত উজুতি নোখোৱাকৈ ধৰি ৰাখিছিল। এটা সময়ত যেতিয়া কৰ্মজীৱনৰ খাতিৰত আহি গুৱাহাটীত থাকিবলৈ লৈছিলোহি তেতিয়ালৈ চৌপাশৰ বহুবোৰ কথাই সলনি হৈ পৰিছিল। শৈশৱতে গাৱঁত দেখি অহা ককা-আইতাসকলৰ ব্যস্ততাপূৰ্ণ এই ছবিখন চহৰত যেন সম্পূৰ্ণৰুপে সলনি হৈ পৰিছিল। সেইবোৰ দিনত ককা-আইতাসকল কেতিয়াও নিসংগ বা অকলশৰীয়া নাছিল। অনবৰতে নাতি-পুতিসকলে আৱৰি ৰাখে, ইঘৰ-সিঘৰলৈ পাক এটা মাৰে, সমবয়সীয়া দুই-চাৰিজন একেলগ হৈ মনৰ কথা পাতে বা নিজাকৈ কিছুমান কাম উলিয়াই লৈ ব্যস্ত হৈ থাকে। কিন্তূ বৰ্তমান জীৱন-যুদ্ধৰ দৌৰত প্ৰতিজন ব্যক্তি এনেকুৱাকৈ ব্যস্ত হৈ পৰাৰ পৰিবেশ যে লগতে থকা মাক-দেউতাকক দিবলৈ বুলিও হাতত এধানিমান সময় নোহোৱাৰ দৰে। নাতি-নাতিনীবোৰৰো একেই অৱস্হা। মন কৰিলেও ককাক-আইতাকৰ কাষত বহি ক্ষন্তেক সময় কটাব নোৱাৰে। নিজাকৈ অকণমান ওলাই যাবলৈ বুলি ভাৱিলেও কোলাহলপূৰ্ণ ৰাষ্টা-ঘাটৰ কথা ভাৱি সাহস কৰিব নোৱাৰে। ফলস্বৰূপে সাংঘাতিক এক নিসংগতাত ভুগিবলৈ লয় এই ককা-আইতাসকল। উপায়ন্তৰ হৈ তেওঁলোকে ঘৰৰ বেলকনিত বা খিড়কীৰ মুখত বহি ৰাষ্টাৰে যোৱা মানুহ চাই চায়েই সময় পাৰ কৰে, বা নিজৰ অতীত জীৱনৰ ব্যস্ততাপূৰ্ণ সময়বোৰ অকলে সুৱঁৰে, নাইবা দূৰৈত থকা পো-বোৱাৰীলৈ মনত পেলাই নীৰৱে চকুলো টোকে। কথা এষাৰ পাতিবলৈকো এটা সংগৰ অভাৱ। আনফালে এনে এটা শ্ৰেণী আছে যি আনৰ ঘৰে ঘৰে গৈ ঘৰ সৰা-মোচা, কাপোৰ ধোৱা, কেঁচুৱা ৰখা... এনেবোৰ কাম কৰি কৰিয়েই জীৱনৰ আধা বয়স পাৰ কৰিলে। এতিয়া আৰু এনেধৰণৰ কাম কৰিবলৈ দেহাই নিদিয়া হৈছে। যাৰ ফলত তেওঁলোকৰ আয়ৰ বাট প্ৰায় বন্ধ হৈ পৰিছে। অভাৱে জুৰুলা কৰা ঘৰখনত উপাৰ্জনহীন হৈ পো-বোৱাৰীৰ বাবে যেন তেওঁলোক একো একোটা বোজা স্বৰূপহে হৈ পৰে। জীৱনৰ শেষ দিনকেইটা চৰম হতাশাৰ মাজেদি পাৰ কৰিবলৈ লয় এইসকল লোকে। মোৰ মনলৈ আহিছিল এই দুই পক্ষক সংযোগ কৰিব পাৰিলে যেন কিবা এটা সমাধানৰ পথ ওলাব পাৰে। আৰু এই সমাধানৰ পথ বিচৰাৰ প্ৰয়াসেই হৈছে 'আন্তৰিক সংযোগ'। যাৰ উদ্দেশ্য হৈছে এইসকল অভাৱী লোকক নি সেইসকল আঢ্যৱন্ত লোকৰ লগত লগ লগাই দিয়া। যি বিশেষ কোনো শ্ৰম নকৰাকৈ তেওঁ লোকক সংগ দিয়াৰ নামত কিবা এটা পইছাও পাই থাকিলে। আৰু আনফালে প্ৰায় একে বয়সৰ লগ এটাৰ সান্নিধ্যত সেই ককাজন বা আইতাজনীও সুখী হ'ল। আৰু আপুনিও সন্তুষ্ট। আমি যেনেকৈ কেতিয়াবা কোনো বন্ধু নাইবা মনে মিলা কাৰোবাৰ লগত অলপ ওলাই গৈ কোনোবা হোটেল, পাৰ্ক নাইবা ৰেষ্টুৰেন্ট আদিত বহি ক্ষন্তেকৰ বাবে নিজা সুঃখ-দুঃখবোৰ ভাগ বতৰা কৰোঁ, নিজক জীয়ন দিওঁ আৰু তাৰ বিনিময়ত সেই সময়কণৰ বিল পৰিশোধ কৰোঁ ঠিক তেনেকৈ ঘৰত অকলে থকা এই ককা-আইতাসকলৰ বাবেও তেওঁলোকৰ থকা ঠাইতে নি প্ৰায় সম বয়সৰে একো একোজন ককা-আইতাৰ ব্যৱস্হা কৰি দিয়াটোৱেই আমাৰ লক্ষ্য।দুইজনে একেলগে সময়বোৰ হাহিঁমুখে পাৰ কৰিব। মন গ'লে পুৰণি দিনৰ কথা সুৱঁৰিব, চাহ একাপ বনাই খাব, সৰু-সুৰা কিবাকিবি কাম ওলিয়াই কৰি থাকিব, ফুলত পানী দিব, গুৰি খুছঁৰিব, জনা সকলে আচাৰকে বনাব বা ওল-কূৰ্ছাকে গুঠিবঁ... মুঠতে তেওঁলোকৰ জীৱনৰ বিয়লি বেলাৰ নিঃসংগতাক জয় কৰাৰ আমাৰ এক বিনম্ৰ প্ৰয়াস। এই প্ৰয়াসে এটা শ্ৰেণীক কিছু আৰ্থিক সকাহ দিব আৰু আন এটা শ্ৰেণীক সান্নিধ্যৰ সুবাসেৰে উজ্জিৱীত কৰি ৰাখিব। দীঘলীয়া জীৱন পৰি���্ৰমাৰ বিচিত্ৰ অভিজ্ঞতা বুটলি বুটলি তেওঁলোক হয়তু এতিয়া কিছু ভাগৰুৱা।কিন্তূ তাৰমানেই তেওঁলোকক আমাৰ বোজাস্বৰূপ বুলি কেতিয়াও ভাৱিব নোৱাৰোঁ। তেওঁলেকেই একমাত্র সঠিক ব্যক্তি যি পাৰ কৰি অহা জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত আমাৰ ভুলবোৰ পোনাই-পাজৰাই আমাৰ পথ-পৰিক্ৰমা মসৃণ কৰি তোলাত সহায় কৰিব পাৰে।আমাৰ বাবে তেওঁলোকে সদায়ে কুশল প্ৰাৰ্থনা কৰিছে, অন্তৰ উজাৰি আৰ্শীবাদ কৰিছে আৰু জীৱনৰ সমস্ত সঞ্চিত অভিজ্ঞতাৰে আমাক প্ৰতিপল পোহৰমুখী বাট এটাৰ ফালে আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টাতে প্ৰতিদিন পাৰ কৰিছে। সেয়েহে কৃতজ্ঞতাৰ চিন স্বৰুপে তেওঁলোকৰ জীৱনৰ আবেলি সময়খিনি সান্নিধ্যৰ সুবাসেৰে সুবাসিত কৰি তোলাৰ আমাৰ এই প্ৰচেষ্টাই হৈছে 'আন্তৰিক সংযোগ'।

এই বিনম্ৰ প্ৰচেষ্টাক আৰু কিছুদূৰ আগুৱাই নিবৰ বাবে আপোনালোকৰ আশিষ বিছাৰি…