- 'আন্তৰিক সংযোগ'ৰ দ্বাৰা নিয়োজিত প্ৰতিজন ব্যক্তিক মানৱীয় আচৰণ কৰাটো বাঞ্ছনীয়
- এই সেৱা পাবলৈ হ'লে আমাৰ ওৱেবচাইটত গৈ নিৰ্দ্ধাৰিত মাচুল সহিতে ৰেজিষ্ট্ৰেচন
কৰাটো দৰকাৰ(www.antoriksonjog.com) কেতিয়াবা হয়তু
কিবা কাৰণত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতো 'আন্তৰিক সংযোগৰ' সেৱা নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব
পাৰে।তেনে ক্ষেত্ৰত নুন্যতম কিবা অংশ এটা কাটি বাকী মাছুলখিনি ঘুৰাই দিয়া যাব আৰু ঘুৰাই দিয়াৰ বাবে
অধিকতম তিনিমাহ সময় ধায্য কৰা হৈছে।
- এই ৰেজিষ্ট্ৰেচন মাচুলৰ পৰিমাণ সময়ে সময়ে কিছু সাল-সলনি হ'ব পাৰে।আৰু এই ৰেজিষ্ট্ৰেশ্যনৰ বৈধতা ছমাহলৈকে থাকিব। যদি কিবা কাৰণত আন্তৰিক সংযোগৰ পৰা দিয়া সহায়কাৰী গৰাকীক ছমাহৰ ভিতৰত আতঁৰাব লগা হয় তেন্তে আন এগৰাকীৰ যোগান ধৰা হ'ব। কিন্তূ আতঁৰাব খোজা কাৰণটোৰ এটা মজবুট ভিত্তি থাকিব লাগিব।গিব।
- ৰেজিষ্ট্ৰেশ্যন মাছুলৰ টকা নগদ নাইবা অনলাইন ট্ৰেন্সফাৰ যোগেদি দিয়াটো বাঞ্চনীয়।নগদ ধনৰ বিপৰীতে ৰছিদ দিয়া যায়।কিন্তূ অনলাইন ট্ৰেন্সফাৰৰ বাবদ ডিজিটেল ৰেকৰ্ডটোৱেই গণ্য কৰা হয়।অনিবায্য কাৰণবশতঃ চেক লবলগীয়া হ'লেও Post Dated Cheque গ্ৰহণ কৰা নহয়। বেংকৰ সবিশেষ--
Antorik Sonjog
A/c-332601001157(ICICI Bank)
IFSC-ICIC0003326
Branch=Bamunimaidam
- প্ৰতি দুই আঢ়ৈ-মাহৰ মূৰত সহায়কাৰী গৰাকী ঘৰলৈ যোৱাৰ সুবিধা পাব।আৰু কেতিয়া যাব,কিমান দিনৰ কাৰণে যাব সেইটো দুই পক্ষৰ বুজাবুজিৰ মাধ্যমেৰে সিদ্ধান্ত ল'ব পাৰিব। ছুটীত যোৱা সময়খিনিত আমাৰ ফালৰ পৰা বিকলপ্ সহায়কাৰীৰ যোগান ধৰা নহয় যদিও কিছুমান বিশেষ পৰিস্হিতিত এই সেৱা আগবঢ়োৱা হয়।ন্ত ল'ব পাৰিব।
- আন্তৰিক সংযোগৰ পৰা নিয়োজিত সহায়কাৰী গৰাকীৰ দৰমহা মালিকপক্ষই প্ৰতি মাহৰ সাত তাৰিখৰ ভিতৰত দিয়াটো বাঞ্চনীয়।দৰমহা সহায়কাৰী গৰাকীৰ বেংক একাউন্ট নাইবা হাততো দিব পাৰিব।ো দিব পাৰিব।
- কেতিয়াবা'আন্তৰিক সংযোগ' ৰ দ্বাৰা নিয়োজিত ব্যক্তিৰ লগত আপোনাসৱৰ কিবা মতৰ অমিল হ'ব পাৰে,সেইবোৰৰ বাবে 'আন্তৰিক সংযোগ' দায়বদ্ধ নহয়।ধ নহয়।
- ‘আন্তৰিক সংযোগৰ’ দ্বাৰা নিয়োজিত প্ৰতিজন ব্যক্তিৰেনাম-ঠিকণা সম্পৰ্কীয় কাগজ-পাতিসমূহ খুব সুক্ষ্মভাৱে পৰীক্ষা কৰি লোৱা হয় যাতে ভুৱা নাম-ঠিকণাৰে কোনেও একো দুস্কায্য সংঘটিতকৰিব নোৱাৰে।ইয়াৰোপৰি অসম আৰক্ষীৰ CCTNS (Crime & criminal TrackingNetworkSystem)ব্যৱস্হাৰ অধীনত আমি দিয়া প্ৰতিগৰাকী ব্যক্তিৰে ভেৰিফিকেশ্যন ৰিকুৱেষ্ট চাবমিট কৰি থোৱা যায়।তৎস্বত্তেও কওঁনাম-ঠিকণা সম্পৰ্কে নিশ্চিতি প্ৰদান কৰিব পাৰিলেও কোনো মানুহৰে স্বভাৱগত বৈশিষ্টৰ বিষয়ে ডাঠি ক'ব পৰা নাযায়।।কিবা কাৰণত ঘৰৰ কিবা-কিবি বস্তু-পাতি অলপ ইফাল-সিফাল হোৱা যেন পালে নতুবা হেৰালে মেলিলে পোনছাটেই ব্যক্তিজনক দোষাৰোপ নকৰি উপযুক্ত প্ৰমাণ গোটাই লয় যেন। উপযুক্ত প্ৰমাণ সহিতে আমাৰ লগত যোগা-যোগ কৰিলে আমি প্ৰয়োজনীয় ব্যৱস্হা গ্ৰহণ কৰিম। এনেকুৱা ধৰণৰ পৰিস্হিতিৰ পৰা হাত সাৰি থকাৰ একমাত্র উপায় আৰম্ভণীৰে পৰা নিজে অলপ সাৱধান হৈ থকা।
- 'আন্তৰিক সংযোগ’ৰ দ্বাৰা নিয়োজিত কোনো ব্যক্তিক হয়তু কোনো বিশেষ পৰিস্হিতিৰ বাবে কেতিয়াবা কামৰ পৰা বৰ্খাস্ত কৰাৰ কথাও ভাৱিব পাৰে। তেনেক্ষেত্ৰত তৎকালীনভাৱে কোনো সিদ্ধান্ত নলৈ আমাক আগতীয়াকৈ জনোৱাটো প্ৰয়োজন আৰু যিমান দিন কামত নিয়োজিত হৈ থাকিলে সিমানদিনৰ প্ৰাপ্যখিনি দিবলৈ বাধ্য।যদি বিচাৰে তেনেলোকৰ ঘৰত দ্বিতীয় বাৰৰ বাবে আন্তৰিক সংযোগৰ ফালৰ পৰা ব্যক্তি দিয়া হ'ব।কিন্তূ এনে প্ৰচেষ্টা তিনিবাৰতকৈ অধিক কৰা নহ'ব।
- আন্তৰিক সংযোগৰ দ্বাৰা নিয়োজিত কৰ্মচাৰীৰ সেৱাত থকা সময়খিনিত যদি কিবা স্বাস্থ্য সম্বন্ধীয় অসুবিধা হয় তেন্তে প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব আৰু আমাক জনাব লাগিব৷
- সেৱাত থকা কৰ্মচাৰীৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিব লাগিব আৰু স্বাস্থ্য সন্মত খাদ্যৰ যোগান ধৰিব লাগিব লগতে সময়মতে আহাৰৰ ব্যৱস্থা কৰিব লাগিব৷
- সেৱাত থকা কৰ্মচাৰীয়ে কিবা কাৰণত স্বাস্থ্য সম্বন্ধীয় অসুবিধাৰ কাৰণে সেৱাত ব্ৰতী হ'ব নোৱাৰিলে আগতীয়াকৈ জনাব লাগিব
- সেৱাত থকা মহিলা কৰ্মচাৰীক কোনোধৰণৰ শাৰীৰীক আৰু মানসিক হাৰাশাস্তি কৰিব নোৱাৰিব৷ ঠিক তেনেদৰে মহিলা কৰ্মচাৰী গৰাকীৰ পৰাও কিবা অসুবিধা পালে আমাক জনোৱাটো দায়িত্ব ৷৷
- আন্তৰিক সংযোগৰ দ্বাৰা নিয়োজিত ব্যক্তিক কোনো কাৰণতে তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিবলৈ বাধ্য কৰিব নোৱাৰিব, কিন্তু যদি দৈন্যন্দিন তালিকাভূক্ত কোনো কাম কৰিবলৈ অনিচ্ছুক হয় তেন্তে আন্তৰিক সংযোগৰ ওচৰত অভিযোগ দিব পাৰিব৷৷
- সহায়কাৰীৰ প্ৰতি উদয় হোৱা যি কোনো খং, ক্ষোভ বা আস্হাহীনতাৰ ভাৱ পোনপ্ৰথমে আমাক জনাই লোৱাৰ পাছতহে আন কোনো তৃতীয় পক্ষৰ কাষ চাপিব পাৰিব।
- বিহু-পুজা আদি উৎসৱৰ দিনৰ ছুটিসমূহ দুই পক্ষৰে বুজাবুজিত ঠিক কৰি ল'ব।এনেবোৰ বিষয়ত আন্তৰিক সংযোগৰ ফালৰ পৰা কোনোধৰণৰ হস্তক্ষেপ কৰা নহ'ব। তদুপৰি এদিনৰ ছুটিৰ বাবে বুলি গৈ দুদিনৰ ছুটি লোৱা,অসুখ-বিসুখ হোৱা,ঘৰুৱা আন কিবা অসুবিধা উদ্ভৱ হোৱা ইত্যাদি ধৰণৰ সৰু-সুৰা কথাবোৰ উভয় পক্ষই বিশ্বাস,বুজাবুজি আৰু মিলা-প্ৰীতিৰ মাধ্যমেৰে সমাধা কৰাটো প্ৰশংসনীয়।
- 'আন্তৰিক সংযোগ'ৰ পৰা নিয়োজিত ব্যক্তিৰ বিৰুদ্ধে প্ৰথম মাহটোত দিয়া কোনোধৰণৰ আপত্তি গুৰুত্ব সহকাৰে লোৱা নহয়।অলপ এৰা-ধৰা,বুজা-বুজি দুই পক্ষৰে পৰাই বাঞ্চনীয়।ভিন্ন ঠাইৰ ভিন্ন পৰিৱেশৰ পৰা অহা এই লোকসকলৰ বাবে নতুন ক্ষেত্রখনত মিলি পৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হোৱাটো স্বভাৱিক।গতিকে এই কথাটো যাতে গৃহস্হঘৰে উপলব্ধি কৰিবলৈ চেষ্টা কৰে।
- আন্তৰিক সংযোগ'ৰ পৰা দিয়া মানুহক যদি কোনো উচিত কাৰণত নিৰ্দ্ধাৰিত সময়ৰ আগতেই সেৱাৰ পৰা আতঁৰাই আনিবলগীয়া হয় তেন্তে সেই মাহটোৰ যিমানকেইটা দিন কাম কৰিলে সিমানকেইটা দিনৰ দৰমহা আদায় দিব লাগিব আৰু হিছাপ-পত্ৰ কৰি ৰেজিষ্ট্ৰেশ্যন মাছুলৰ কিছু অংশ ঘূৰাই দিয়া হ'ব।
- 'আন্তৰিক সংযোগ'ৰ পৰা এটা নিৰ্দিষ্ট দিনত দিম বুলি কথা দিয়া প্ৰাৰ্থীগৰাকীৰ বিশেষ দূৰ্ঘটনা বা তেনে কোনোআনুসাংগিক তথাঅনিবায্য কাৰণবশতঃ কেতিয়াবা দিয়াটো হৈ নুঠিব পাৰে বা তাৰ ঠাইত আন প্ৰাৰ্থী দিয়া হ'ব পাৰে।গতিকে সময়সাপেক্ষ তেনে পৰিস্হিতিত যাতে অসুবিধাটো হৃদয়ংগম কৰিবলৈ চেষ্টা কৰি প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়ায়।
- ক'ভিদ প্ৰতিষেধকৰ দুয়ো পালি ভেকচিন লোৱা লোককহে 'আন্তৰিক সংযোগ'ৰ পৰা নিয়োজিত কৰাত অগ্ৰাধিকাৰ দিয়া হয়।কিন্তূ কেতিয়াবা প্ৰথম পালি ভেকচিন লোৱা লোককো যদি দুইপক্ষৰ বুজাবুজিৰ মাধ্যমেৰে কামত ৰাখিবলৈ ইচ্ছুক হয় তেন্তে দ্বিতীয় পালি ভেকচিন সময়মতে দিয়াবৰ বাবে গৃহস্হজন আগ্ৰহী হ'ব লাগিব।
- যদি কোনো লোকে এটা নিৰ্দিষ্ট সময় (দুমাহ/তিনিমাহ)ৰ বাবেহে 'আন্তৰিক সংযোগ'ৰ মানুহ লয় তেন্তে সেৱাৰ সময় সীমা শেষ হোৱাৰ লগে-লগে মানুহজন বা মানুহগৰাকী আমাৰ ফালৰ পৰা গৈ লৈ অনা হ'ব।এই সেৱাৰ সময় বৃদ্ধি কৰিব বিচাৰিলে অতি কমেও পাচঁদিনৰ আগতে আমাক জনোৱাটো জৰুৰী।
- আমাৰ পৰা নিয়োজিত প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে আমাৰ ওচৰত কিবা অভিযোগ দিব
বিচাৰিলে লিখিত ৰুপত দিয়া জৰুৰী। ৮৪০৩৮৪২৪৬১ এই নম্বৰত পুৱা দহ বজাৰ পৰা সন্ধিয়া ছয় বজাৰ ভিতৰত
ওৱাটচআপ যোগেও দিব পাৰিব।
- আমাৰ পৰা নিয়োজিত প্ৰাৰ্থীগৰাকীক মালিকপক্ষই প্ৰথম মাহতেই কামৰ পৰা বৰ্খাস্ত
কৰিলে তেওঁলোকৰ পৰা লোৱা ৰেজিষ্ট্ৰেচন মাচুলটো ঘুৰাই দিয়া নহয় আৰু যিমান দিন কামত নিয়োজিত হৈ থাকিল
সিমান দিনৰ দৰমহাটো দিয়া বাধ্যতামূলক।
- আন্তৰিক সংযোগৰ পৰা নিয়োজিত প্ৰাৰ্থীৰ নিৰ্দ্ধাৰিত কামৰ সময় পুৱা ন বজাৰ পৰা
সন্ধিয়া ছয় বজালৈকে (অক্টোবৰ-মাৰ্চ) আৰু পুৱা ন বজাৰ পৰা সন্ধিয়া পাচঁ বজালৈকে (এপ্ৰিল-চেপ্তেম্বৰ)।
- প্ৰাৰ্থীগৰাকীক লোৱাৰ সময়ত সুধিবলগীয়া আটাইবোৰ কথা আৰু কৰিবলগীয়া আটাইবোৰ কামৰ তালিকা মুকলিকৈ দুই পক্ষৰ মাজত আলোচনা হৈ লোৱাটো বাঞ্চনীয়।নিম্নলিখিত ঠিকনাত অৱস্হিত কাৰ্য্যালয়লৈ আহি প্ৰাৰ্থীক লগ কৰাৰ আৰু কথা পতাৰ সুবিধা ল'ব পাৰে।
Porag Das Path,House No-8,Bamunimaidan,New Guwahati
- যি কোনো পৰিস্হিতিতে ছমাহৰ ভিতৰত তিনিগৰাকীলৈকেহে সহায়কাৰী যোগান ধৰা হ'ব।
- হঠাৎ আহি পৰা কোনো ধৰণৰ ইমাৰজেন্সি অৱস্হা যেনে সহায়িকা গৰাকীৰ মাক-দেউতাক/ সন্তান বা নিকটতম পৰিয়ালৰ কোনো সদস্যৰ দূৰ্ঘটনা/সংকটজনক শাৰীৰীক অৱস্হা/মৃত্যু আদিৰ খবৰ পালে ততাতৈয়াকৈ তেওঁলোকক যোৱাৰ যাবতীয় ব্যৱস্হা কৰি দিয়াটো বাঞ্চনীয়।তেনে সময়ত আমাৰ ফালৰ পৰা লগে-লগে বিকল্প সহায়কাৰী দিয়াৰ নিয়ম নাই।
- প্ৰতি মাহতে আমাক আদায় দিব লগীয়া মাহেকীয়া মাছুল যিটো মাহৰ পৰাই বন্ধ হৈ যোৱাৰ ৰেকৰ্ড হয় সেইটো মাহৰ পৰাই আমাৰো সেই নিৰ্দিষ্ট সহায়কাৰীগৰাকীৰ প্ৰতি থকা দায়িত্বও শেষ হোৱা বুলি গণ্য কৰা হয়।
- আমাক যোগাযোগ কৰাৰ কিমান দিনৰ ভিতৰত মানুহ দিব পৰা যাব সেইটো পৰিস্হিতি সাপেক্ষ ৷
- প্ৰথমবাৰৰ বাবে আন্তৰিক সংযোগৰ পৰা অফিছ ষ্টাফ গৈ দি অহাৰ নিয়ম ৷ alteration বা
Replacement ত এই সুবিধা নাথাকে ৷
- কোনো প্ৰাৰ্থীয়ে প্ৰাপ্য ছুটি আদায় কৰাৰ সময়ত যদি গৃহস্হই Replacement ল’বলৈ ইচ্ছা কৰে তেন্তে সেইকেইদিন নিদ্ধাৰিত দৰমহা গৃহস্হই দিব লাগিব ৷
- একেঘৰতে এবছৰ দিন কাম কৰা সহায়কাৰীৰ ক্ষেত্ৰত বছৰি এহেজাৰ টকাকৈ বৃদ্ধি কৰাৰ নিয়ম।
- আৰম্ভণীতে আমাৰ পৰা মানুহ লোৱাৰ সময়ত যিটো ঠিকণা দিয়ে সেই ঠিকণাতেহে আমাৰ মানুহ থাকিব। তাৰপৰা পৰৱৰ্তী পৰ্যায়ত আন ঠিকণালৈ নিবলৈ হ'লেআমাক আগতীয়াকৈ জনাৱাটৈ জৰুৰী। অন্যথা এই সেৱা বাতিল কৰা হ"ব।
- পোহনীয়া জন্তুৱে আচুঁৰিলে বা কামুৰিলে চিকিৎসা আৰু যাৱতীয় ব্যৱস্থা সম্পূৰ্ণৰূপে গৃহস্থৰ।
১ৰ পৰা ৩৪লৈকে থকা আটাইকেওটা নিয়মাৱলী মানি চলাৰ নিশ্ছয়তা প্ৰদান কৰি স্বইচ্ছাৰে ইয়াত চহী কৰিছোঁ
।