আমাৰ বিষয়ে

আমাৰ বিষয়ে


 আমি আৰম্ভ কৰা NGO টোৰ নাম 'আন্তৰিক সংযোগ'। ইয়াৰ মূল উদ্দেশ্য হৈছে ঘৰত অকলশৰে থকা বয়সস্হ মানুহখিনিক সংগ দিয়া। বহলভাৱে ক'বলৈ গ'লে কথাটো এনেকুৱা-ধৰক আপোনাৰ লগত বৃদ্ধ মা বা দেউতা আছে। আপোনাৰ গৃহস্থৰ লগতে আপুনিও এগৰাকী চাকৰি কৰা মহিলা। আপোনাৰ সন্তানেও স্কুল,হ'মৱৰ্ক, নাচ-গান,চুইমিং আদিবোৰত ব্যস্ত হৈ পৰি ইচ্ছা কৰিলেও ককাক বা আইতাকক সময় দিব নোৱাৰা অৱস্হা।নিৰ্দিষ্ট সময়ত অহা কোনোবা পাৰ্ট টাইমাৰ এগৰাকীয়ে দিনটোৰ বাবে ৰন্ধা-বঢ়াখিনি নাইবা আন-আন যাৱতীয় কাম-কাজখিনি কৰি থৈ গুছি যায়।

এইখন হৈছে আজিকালি আমাৰ প্ৰত্যেকৰে ঘৰৰ এখন চিনাকি ছবি। ফলস্বৰূপে ককা বা আইতাজনীয়ে ৰাষ্টাৰে যোৱা মানুহ চাই চায়েই সময় পাৰ কৰে বা নিজৰ অতীত জীৱনৰ ব্যস্ততাপূৰ্ণ সময়বোৰ অকলে সুৱঁৰে নাইবা দূৰৈত থকা পো-বোৱাৰীলৈ মনত পেলাই নীৰৱে চকুলো টোকে।কথা এষাৰ পাতিবলৈকো এটা সংগৰ অভাৱ। আনফালে এনে এটা শ্ৰেণী আছে যি আনৰ ঘৰে ঘৰে গৈ ঘৰ সৰা-মোচা, কাপোৰ ধোৱা, কেঁচুৱা ৰখা... এনেবোৰ কাম কৰি কৰিয়েই জীৱনৰ আধা বয়স পাৰ কৰিলে। এতিয়া আৰু এনেধৰণৰ কাম কৰিবলৈ দেহাই নিদিয়া হৈছে।যাৰ ফলত তেওঁলোকৰ আয়ৰ বাট প্ৰায় বন্ধ হৈ পৰিছে।অভাৱে জুৰুলা কৰা ঘৰখনত উপাৰ্জনহীন হৈ পো-বোৱাৰীৰ বাবে যেন তেওঁলোক একো একোটা বোজা স্বৰূপহে হৈ পৰে। জীৱনৰ শেষ দিনকেইটা চৰম হতাশাৰ মাজেদি পাৰ কৰিবলৈ লয় এইসকল লোকে। আমাৰ উদ্দেশ্য এইসকল অভাৱী লোকক নি সেইসকল আঢ্যৱন্ত লোকৰ লগত লগ লগাই দিয়া। বিশেষ কোনো টান কাম নকৰাকৈ তেওঁ লোকক সংগ দিয়াৰ নামত এইসকল লোকে কিবা এটা পইছাও পাই থাকিলে। আৰু আনফালে প্ৰায় একেবয়সৰ লগ এটাৰ সান্নিধ্যত সেই আইতাজনীও সুখী হ'ল। আৰু আপুনিও সন্তুষ্ট।

আমি যেনেকৈ কেতিয়াবা কোনো বন্ধু নাইবা মনে মিলা কাৰোবাৰ লগত অলপ ওলাই গৈ কোনোবা হোটেল পাৰ্ক নাইবা ৰেষ্টুৰেন্ট আদিত বহি ক্ষন্তেকৰ বাবে নিজা সুঃখ-দুঃখবোৰ ভাগ বতৰা কৰোঁ,নিজক জীয়ন দিওঁ আৰু তাৰ বিনিময়ত সেই সময়কণৰ বিল পৰিশোধ কৰোঁ ঠিক তেনেকৈ ঘৰত অকলে থকা এই ককা-আইতাসকলৰ বাবেও তেওঁলোকৰ থকা ঠাইতে নি প্ৰায় সম বয়সৰে একো একোজন ককা -আইতাৰ ব্যৱস্হা কৰি দিয়াটোৱেই আমাৰ লক্ষ্য।দুইজনে একেলগে সময়বোৰ হাহিঁমুখে পাৰ কৰিব।মন গ'লে পুৰণি দিনৰ কথা সুৱঁৰিব,চাহ একাপ বনাই খাব,সৰু-সুৰা কিবাকিবি কাম ওলিয়াই কৰি থাকিব,ফুলত পানী দিব,গুৰি খুছঁৰিব,জনা সকলে আচাৰকে বনাব বা ওল-কূৰ্ছাকে গুঠিবঁ...মুঠতে তেওঁলোকৰ জীৱনৰ বিয়লি বেলাৰ নিঃসংগতাক জয় কৰাৰ আমাৰ এক বিনম্ৰ প্ৰয়াস।এই প্ৰয়াসে এটা শ্ৰেণীক কিছু আৰ্থিক সকাহ দিব আৰু আন এটা শ্ৰেণীক সান্নিধ্যৰ সুবাসেৰে উজ্জিৱীত কৰি ৰাখিব।

যিহেতু এইটো এটা নতুন কনচেপ্ট। গতিকে ইয়াক মানুহৰ মাজলৈ লৈ যাবৰ বাবে ইয়াৰ সমান্তৰালভাৱে আমি আন কিছুমান আনুষংগিক চাৰ্ভিছো দিয়াৰ চেষ্টা কৰিছোঁ। যেনে ঘৰুৱা সহায়িকা, কেঁচুৱা ৰখা, ৰান্ধনী বা কেয়াৰ টেকাৰ... আদি সকলোখিনি দিয়াৰ ব্যৱস্থা কৰিছোঁ।

নতুন কনচেপ্ট লৈ কাম কৰিবলৈ আৰম্ভ কৰা আমাৰ এই 'আন্তৰিক সংযোগ'ৰ বিষয়ে ইতিমধ্যে সাতসৰী, আমাৰ অসম আদি কাকত আৰু আলোচনীত প্ৰকাশ পোৱাৰ লগতে নিউজ লাইভ, প্ৰতিদিন টাইম, প্ৰতিদিন ডিজিটেল,নিউজ টাইম অসম আদিতো বাতৰি আৰু সাক্ষাৎকাৰ সম্প্ৰচাৰিত হৈছে। তাৰোপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰই এই প্ৰচেষ্টাক ২০২০ চনৰ এক উল্লেখযোগ্য ইতিবাচক কাম বুলি স্বীকৃতি দিছে। আৰু আমাৰ বাবে অতি আনন্দৰ কথা যে 'আন্তৰিক সংযোগ'ৰ এই প্ৰয়াসৰ বিষয়ে জানিব পাৰি বিশিষ্ট কবি তথা অসম আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই 'বুঢ়া বুঢ়া গোন্ধ' শীৰ্ষক তেওঁ লিখা কবিতাটো ইয়াৰ নামত উৎসৰ্গা কৰিছে।

প্ৰাৰম্ভিক অৱস্হাত মাথোঁ গুৱাহাটীৰ বাবেহে বুলি কৰা এই প্ৰচেষ্টা ইতিমধ্যে যোৰহাট, শিলচৰৰ উপৰিও বাংগালোৰ, মুম্বাই পৰ্যন্তও গৈ পাইছে।

Our Objective


To be a trusted organization, who is admired for its quality service and affordability.

Our Services


Type: Company to aged people

The individuals Antorik Sonjog would provide a friendly care to the aged people. Besides being a full-time company, whenever it is required, they will certainly do some basic and simple domestic help like preparing tea or dish or two, cleaning utensils, chopping vegetables, accompanying the elderly to shopping etc. But, they will do any sort of laborious work.

Our Values
Quality

Get it right at the first time for a long lasting relationship

Reliability

Maintain efficiency in all dealings and fulfill the promises made

Trust

Long term consistent relationship

Communication

Persistent interaction between the parties to avoid any concerns

More Services

Patient care

Baby Sitter

Domestic Help

Cook